২০ জুলাই, ২০২৬ৰ পৰা দিল্লীকে ধৰি সমগ্ৰ দেশজুৰি চিজেপিৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীৰ আন্দোলন কৰিছিল ছাত্ৰী-ছাত্ৰীসকলে।আন্দোলনৰ মূল দাবী আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদত্যাগ।দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত শনিবাৰে ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে।
ইয়াৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ বাবে যিকোনো ৰাজনৈতিক পদবী বা ক্ষমতাতকৈ দেশ, ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ স্বাৰ্থ অধিক গুৰুত্বপূৰ্ণ। প্ৰাক্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ইয়াৰ প্ৰমাণ।
নিজৰ X হেণ্ডেলত এটা প’ষ্টত অমিত শ্বাহে লিখিছে, “বিজেপি কৰ্মীসকলৰ বাবে দেশ, দেশৰ যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকল যিকোনো পদতকৈ অধিক গুৰুত্বপূৰ্ণ। আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সেই আদৰ্শৰ উজ্জ্বল উদাহৰণ।”
লগতে শিক্ষামন্ত্ৰী হিচাপে ধৰ্মেন্দ্ৰ প্ৰধানৰ কামক অতিশয় প্ৰশংসা কৰি অমিত শ্বাহে কয় যে তেওঁৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ৰূপায়ণ, আঞ্চলিক ভাষাত পৰীক্ষাৰ সম্প্ৰসাৰণ, PMSRI স্কুল আঁচনিৰ সম্প্ৰসাৰণ, ডিজিটেল শিক্ষাৰ সম্প্ৰসাৰণ, দক্ষতা বিকাশ আৰু শিক্ষানুষ্ঠান আৰু উদ্যোগৰ মাজত সহযোগিতা বৃদ্ধি আদি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপায়ণ কৰা হৈছে।