অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। সংবাদমেলত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে
সংবাদমেলৰ আৰম্ভণিতে বিধায়কগৰাকীয়ে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। ইয়াৰ লগে লগে তেওঁ দাবী জনায় যে ৰাজ্যৰ বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেকগৰাকী মহিলাক বিনাচৰ্তে অৰুণোদয় আঁচনিৰ আওতালৈ আনিব লাগে।
বিধায়কগৰাকীয়ে উল্লেখ কৰে যে, কেৱল শিৱসাগৰ সমষ্টিতেই প্ৰায় ৪০,০০০ পৰিয়াল বানত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। সংহাৰী বানৰ ফলত মধ্যবিত্ত পৰিয়ালসমূহৰ উপৰিও সাধাৰণ জনজীৱন সম্পূৰ্ণৰূপে ছাৰখাৰ হৈ পৰিছে। শিৱসাগৰ আৰু নাজিৰাৰ প্ৰত্যেকটো পৰিয়াল অৰ্থনৈতিকভাৱে প্ৰায় ২০ বছৰ পিছুৱাই গ’ল বুলি উল্লেখ কৰি তেওঁ কয় যে-বানে অঞ্চলটোৰ এটা সমগ্ৰ প্ৰজন্মকে বিপন্ন কৰি তুলিলে।
বিধায়কগৰাকীয়ে লগতে কয় যে- প্ৰতিটো বানপীড়িত পৰিয়ালক ১০ লাখ টকাকৈ এককালীন ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। লোকসকলৰ যিমান বিস্তৰ ক্ষতি হৈছে, তাৰ তুলনাত ১০ লাখ টকাও কম। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ১৫,০০০ টকীয়া সাহায্য বানপীড়িত ৰাইজৰ বাবে এক প্ৰকাৰ অপমান সদৃশ। শিৱসাগৰ সমষ্টিৰ পুনৰ্নিৰ্মাণ আৰু সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে অবিলম্বে ৪০০ কোটি টকাৰ বিশেষ পেকেজ প্ৰদান কৰিব লাগে।
আনহাতে, বানপীড়িত পৰিয়ালসমূহৰ দুৰ্দশাৰ আলোকচিত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই বিধায়কগৰাকীয়ে। লগতে কয় যে যদি বানপীড়িতক ১০ লাখ টকাকৈ ক্ষতিপূৰণ আৰু শিৱসাগৰক ৪০০ কোটি টকা দিয়া নহয়, তেন্তে তেওঁ শিৱসাগৰৰ ৰাইজক একত্ৰিত কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিব।