নিশা গুৱাহাটীৰ হাতীগাঁও-সিজুবাৰী পথত আৰক্ষীৰ অভিযান।
চাইবাৰ অপৰাধীৰ সন্ধানত অভিযান হাতীগাঁও আৰক্ষীৰ।
আৰক্ষীয়ে হোটেল ষ্টাৰ ইনত অভিযান চলাই আটক কৰে কেইবাজনকো ।
একাংশ স্থানীয় লোকে কিছু লোকৰ ওপৰত সন্দেহ উপজাত খবৰ দিছিল আৰক্ষীক।
প্ৰথমে হোটেলখনত বাহৰ পাতি থকা তিনিজনক সোধা-পোছা কৰে আৰক্ষীয়ে।
তেওঁলোকৰ ভাষ্যত অমিল আৰু সন্দেহ হোৱাত আৰক্ষীয়ে আটক কৰে আটাইকেইজনক।
আৰক্ষীয়ে হোটেলৰ কোঠাৰ পৰা জব্দ কৰিছে কেইবাখনো ATM, পাছবুক, মোবাইল ফোন।
ইয়াৰ উপৰিও হোটেলৰ মেনেজাৰ, কৰ্মচাৰীকো আটক কৰিছে আৰক্ষীয়ে।
সম্প্ৰতি ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীৰ তদন্ত অব্যাহত।
ইফালে আৰক্ষী অহাৰ পূৰ্বে এখন বাহনত আন কেইবাটাও চাইবাৰ অপৰাধী পলায়ন কৰা বুলি মন্তব্য স্থানীয় লোকৰ।