Share and Enjoy !

Shares

আজি ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী । সমগ্ৰ দেশজুৰি আজি অতি উলহ-মালহেৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন কৰা হৈছে । দেশৰ লগতে অসমৰ নামঘৰ, সত্ৰ, মন্দিৰ সমূহত জন্মাষ্টমীৰ উপলক্ষে পুৱাৰে পৰা এক উখল-মাখল পৰিৱেশ ।মূদৈবিল বৰ নামঘৰত গোপিনীৰ দিহানামৰ সুৰত মুখৰিত মাজুলী।

অসমৰ সত্ৰীয়া সংস্কৃতিৰ এক অপূৰ্ব সম্পদ হৈছে দিহানাম। আৰু এই দিহানামৰ ধ্বজাবাহক হৈছে আইসকল,গোপিনীসকল।

পুৰুষ প্ৰধান সত্ৰীয়া সমাজত মহিলাসকলৰ বাবে আধ্যাত্মিক চৰ্চাৰ এক সুকীয়া পথ হৈছে এই দিহানাম।হাতে হাত ধৰি, একেলগে চাপৰি বজাই, তালে তালে ঘূৰি ঘূৰি আইসকলে গোৱা এই নামৰ সুৰত আছে এক বুজাব নোৱাৰা আবেগ।

দিহানাম হৈছে একক, যুটীয়া আৰু সমবেতভাৱে পৰিবেশন কৰা এক প্ৰকাৰৰ নাম কীৰ্তন। ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা ঘোষা, ভটিমা আৰু বৰগীতৰ সুৰত কৃষ্ণৰ লীলা বৰ্ণনা কৰা হয়।

মাজুলীৰ মূদৈবিল বৰ নামঘৰৰ দৰে প্ৰতিখন নামঘৰতে জন্মাষ্টমী,গোপিনী সকলে পৰা পুৱালৈকে দিহানাম গায়।তেওঁলোকৰ বিশ্বাস-দিহানামৰ মাজেৰে তেওঁলোকে ভগৱান কৃষ্ণক ওচৰত পায়।

আজিৰ এই আধুনিকতাৰ যুগতো মাজুলীৰ আইসকলে এই পৰম্পৰা জীয়াই ৰাখিছে। এইয়া কেৱল নাম নহয়, এয়া হৈছে ভক্তি, এয়া হৈছে নাৰী শক্তিৰ আধ্যাত্মিক একতাৰ প্ৰতীক।

Leave a Reply

Your email address will not be published. Required fields are marked *