Share and Enjoy !

Shares

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বিভিন্ন ঠাইত আচাম ৰাইফলচ আৰু অসম আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক দুজনকৈ লোক।

আটকাধীন লোককেইজন অসম অৰুণাচল সীমান্তবৰ্তী অঞ্চল ফিনবিৰ’ নিবাসী আচো ৱাংচু (৩১) আৰু লিডুৰ নিবাসী জামিৰ আলি (৩০)।বুলি জানিব পৰা গৈছে

এক গোপন খবৰ ভিত্তিত ২০ আচাম ৰাইফলচে লিডু বাইপাচৰ সমীপত নম্বৰ প্লেট বিহীন এখন বলেৰ’ পিকআপ ভানত তালাচী চলোৱাত ডেৰ কোটিৰো অধিক টকাৰ ড্ৰাগছ, দুজন লোকৰ লগতে পিকআপ বাহনখন জব্দ কৰিছে।

পৰৱৰ্তী সময়ত আচাম ৰাইফলচে লিডু আৰক্ষীক চমজাই দিছে লোককেইজনক।

ইফালে, ঘটনাটোৰ আঁৰত এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

আটকাধীন দুয়োজনকে সোধা-পোছা অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোক আৰু নেটৱৰ্কৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *