Share and Enjoy !

Shares

মহানগৰীত পুনৰ জাল নোটসহ গ্ৰেপ্তাৰ এজনক

মালিগাঁৱস্থিত কামাখ্যা ৰে’ল জংচনৰ পৰা জব্দ জাল নোট

কামাখ্যা ৰে’ল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যাদৱ চেতীয়াৰ নেতৃত্বত এক গোপন সূত্ৰৰ ভিত্তিত দুই আৰু ৩নং প্লেটফৰ্মত চলাইছিল অভিযান

অভিযানত বহিঃৰাজ্যৰ এজন লোকৰ পৰা জব্দ জাল নোট

ধৃত লোকজন বিহাৰৰ পংকজ কুমাৰ বুলি জানিব পৰা গৈছে

আৰক্ষীয়ে জব্দ কৰিছে ১১লাখ ৮হাজাৰ টকাৰ জাল নোট

গুৱাহাটীৰ পৰা জাল নোটখিনি সংগ্ৰহ কৰিছিল পংকজ কুমাৰে

৩ লাখ টকাৰ বিনিময়ত এইখিনি জাল নোট দিছিল ধৃত লোকজনক

সামাজিক মাধ্যম যোগে প্ৰৱঞ্চকৰে চিনাকি হৈছিল পংকজ কুমাৰে

পাছতে প্ৰৱঞ্চকৰ কথা মতে গুৱাহাটীত উপস্থিত হৈ সংগ্ৰহ কৰিছিল জাল নোট

অৱশ্যে নোটসমূহ নকল বুলি জ্ঞাত নহয় বুলি মন্তব্য ধৃত পংকজৰ

বৰ্তমান কামাখ্যা ৰেল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত

Leave a Reply

Your email address will not be published. Required fields are marked *