Share and Enjoy !

Shares

আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা বাবা বিশ্বকৰ্মাৰ পূজা অৰ্চনাত ব্যস্ত ভক্তসকল।

প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা।

পুৱাৰে পৰা গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ লোকে ভিৰ কৰিছেহি বিশ্বকৰ্মাৰ মন্দিৰটোত।

আজি পুৱাৰে পৰা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। বিশ্ব ব্ৰহ্মাণ্ডৰ নিৰ্মাণ কৰোতা ভগৱান বিশ্বকৰ্মাৰ আশিস বিচাৰি তেওঁৰ শৰণাপন্ন হৈছে ভক্তসকল।

আনহাতে,বিশ্বকৰ্মাৰ ১০৮টা বিভিন্ন নাম আছে। তাৰ ভিতৰত বাচস্পতি, মনোজৱ, বদান্য, কল্যাণকৰ্মা আৰু বিধাতা আদি প্ৰধান। বিশ্বকৰ্মাক ৰামায়ণত বৰ্ণিত ভৱিষ্যৎ আৰু চহকী নগৰ লংকাৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। উপবেদ, অৰ্থবেদ আৰু চতুশাস্তিকালৰ ৰচক। তেওঁ দেৱপুৰী, দেৱষ্ট্ৰা আদিৰ নিৰ্মাতাও। কিংবদন্তি অনুসৰি বিশ্বকৰ্মাও নিৰ্মাণ কৰিছিল পুৰীৰ বিখ্যাত জগন্নাথ মূৰ্তি।

ভগৱান বিশ্বকৰ্মাক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। তেওঁক বিশ্বৰ প্ৰথম অভিযন্তা বুলিও কোৱা হয়। প্ৰাচীন কালৰে পৰাই শিল্পী বিশ্বকৰ্মাৰ এখন সুকীয়া আসন আছে। কাৰণ তেওঁ অকল মৰ্ত্যৰে নহয়, দেৱতাসকলৰো শিল্পী বুলি বিশ্বাস কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *