সমগ্ৰ মাহজোৰা নাম ৰখা পৰম্পৰাৰ অন্তত সোমবাৰে বটদ্ৰৱা থানত ভাদ মাহৰ নাম সামৰণি মহোৎসৱ। বটদ্ৰৱা থানৰ কীৰ্তনঘৰত সোমবাৰে বিয়লিভাগত এক আধ্যাত্মিক পৰিৱেশত ‘ঘোষা কীৰ্তন’ কাৰ্যসূচী অনুষ্ঠিত হ’ব।
বটদ্ৰৱা থানত এই কাৰ্যসূচীৰ ইতিহাস অত্যন্ত প্ৰাচীন। ১৬৫৬ খ্ৰীষ্টাব্দত আই কনকলতাই বটদ্ৰৱা থান উদ্ধাৰ কৰাৰ পৰাই ভাদ মাহৰ অন্তিমটো দিনত সত্ৰৰ ভকত-বৈষ্ণৱসকলে যৌথভাৱে এই বিশেষ ঘোষা কীৰ্তন অনুষ্ঠান পৰিৱেশন কৰি অহাৰ এক সুদীৰ্ঘ পৰম্পৰা আছে।
উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰৰ পুৱাৰ পৰাই থান প্ৰাংগণত বিভিন্ন ধৰ্মীয় নীতি-নিয়ম আৰু কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বিয়লিৰ ভাগত সত্ৰৰ কণ-কণ শিশুৰ পৰা বৃদ্ধ ভকত-বৈষ্ণৱলৈ সকলোৱে হাতে হাতে তাল লৈ, ভৰি চালনাৰে এক বাক-সংযমী আৰু আধ্যাত্মিক পৰিৱেশত ঘোষা কীৰ্তন পৰিৱেশন কৰিব।
ভক্তসকলৰ তাল-খোল আৰু হৰি নামৰ ধ্বনিয়েই শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ-বতাহ পুনৰবাৰ মুখৰিত কৰি তুলিব।ঐতিহাসিক নাম সামৰণি মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ বটদ্ৰৱা থানত উপস্থিত হৈছে।