ৰাজ্যৰ চাহ বাগিচা আৰু চাহ কাৰখানাৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্য চৰকাৰৰ।
২২ ছেপ্টেম্বৰ, সোমবাৰৰ দিনটোক চাহ বাগিচা আৰু চাহ কাৰখানাৰ সকলো কৰ্মচাৰীৰ বাবে বেতনসহ ছুটী হিচাপে ঘোষণা কৰা হৈছে।
অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ শ্ৰম (RC) শাখাই বৃহস্পতিবাৰে জাৰি কৰা এক অধিসূচনাযোগে এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অনুমোদনক্ৰমে এই অধিসূচনা জাৰি কৰা হৈছে।
অধিসূচনাত উল্লেখ কৰা অনুসৰি, কৰম পূজা উপলক্ষে ২২ ছেপ্টেম্বৰৰ দিনটো চাহ বাগিচা আৰু চাহ কাৰখানাৰ কৰ্মচাৰীসকলে বেতনসহ ছুটী হিচাপে লাভ কৰিব।
শ্ৰমিক কল্যাণ বিভাগৰ যুটীয়া সচিব আশ্ৰাফুল আমিনৰ ডিজিটেল স্বাক্ষৰেৰে এই অধিসূচনা জাৰি কৰে।