হঠাৎ বৃদ্ধি কৰা হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নিৰাপত্তা
১১ জনলৈ বৃদ্ধি কৰা হ’ল নিৰাপত্তাৰক্ষী।
নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।
এতিয়াৰে পৰা অখিল গগৈৰ লগত থাকিব এছক’ৰ্ট গাড়ী। নিয়োজিত হ’ব ৮ গৰাকী অতিৰিক্ত আৰক্ষী।
কটকটীয়া কৰা হৈছে বিধায়কজনৰ সুৰক্ষা ব্যৱস্থা।