নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কামৰূপ জিলা আৰক্ষীয়ে চলোৱা অভিযানত বৃহত সফলতা।
জিলাখনৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত চৌতাৰাত বৃহস্পতিবাৰে নিশা চলোৱা এক ‘নাকা চেকিং’ৰ সময়ত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ এটা কুখ্যাত সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত খবৰ অনুসৰি, জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত আৰক্ষীৰ এটা দলে যোৱা নিশা প্ৰায় ১০:৪০ বজাত চৌতাৰা অঞ্চলৰ ৰাস্তাত নিয়মিত ‘নাকা চেকিং’ চলাই আছিল। সেই সময়তে এজন লোকক আৰক্ষীয়ে আটক কৰে।
আৰক্ষীৰ দলটোৱে লোকজনক নিৰাপত্তা তালাচী চলোৱাত তেওঁৰ পৰা ৩৯ টা প্লাষ্টিকৰ কণ্টেইনাৰত সজাই ৰখা অৱস্থাত মুঠ ৬৪ গ্ৰাম নিচাজাতীয় সামগ্ৰী আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ জালত পৰা নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীটোক হাতীশলাপাম গাঁৱৰ বাসিন্দা ছায়েদ আলী বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, অভিযুক্ত ছায়েদ আলীয়ে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল।
জোৰশিমুলী আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় সামগ্ৰী আৰু মোবাইল ফোনটো চমজি লোৱাৰ লগতে অভিযুক্ত ছায়েদ আলীৰ বিৰুদ্ধে এনডিপিএছ (NDPS) আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে। এই নিচাজাতীয় সামগ্ৰী সৰবৰাহ চক্ৰটোৰ সৈতে অন্য কোনো লোক জৰিত হৈ আছে নেকি, সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।