Share and Enjoy !

Shares

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিশ্বনাথ জিলা আৰক্ষীৰ বৃহৎ সফলতা। বিশ্বনাথতৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলোৱা এক নৈশ অভিযানত ৯ জনকৈ অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। আজি এক সংবাদমেল অনুষ্ঠিত কৰি বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদে এই সমগ্ৰ তথ্য সদৰি কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি কঠোৰ ব্যৱস্থা ল’বলৈ স্পষ্ট নিৰ্দেশ দিয়াৰ পিছতেই সম্পূৰ্ণ ‘একচন মুড’ত অৱতীৰ্ণ হয় বিশ্বনাথ জিলা আৰক্ষী।

জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদৰ প্ৰত্যক্ষ নেতৃত্বত আৰক্ষীৰ কেইবাটাও দলে যোৱা নিশাৰ পৰা আজি পুৱা পৰ্যন্ত জিলাখনৰ সম্ভাব্য স্থানসমূহত এক সঘন অভিযান চলায়। এই অভিযানকালতে আৰক্ষীৰ জালত পৰে ৯ জনকৈ অবৈধ অনুপ্ৰৱেশকাৰী।

উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা ৯ জন লোকৰ ভিতৰত ৭ গৰাকী মহিলা আৰু ২ জন পুৰুষ আছে। আটকাধীন লোককেইজন ক্ৰমে—নাবিজাল খাতুন,চাহাৰ খাতুন,মামনি বেগম,ৰহিমা বেগম, চম্পাফুল খাতুন,ফাতেমা খাতুন,আকবৰ আলী,নুৰজামাল শ্বেখ আৰু চাহিদা খাতুন।বুলি জানিব পৰা গৈছে

জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত জনোৱা মতে, এই লোকসকলে দীৰ্ঘদিনৰ পৰা বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত ভুৱা পৰিচয়েৰে আত্মগোপন কৰি বসবাস কৰি আছিল। বৰ্তমান আৰক্ষীয়ে ধৃত লোকসকলক আইনী প্ৰক্ৰিয়াৰ যোগেদি আদালতত হাজিৰ কৰোৱাৰ লগতে ঘটনা সংক্ৰান্তত অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *