মৰিগাঁও জিলাৰ ৰজামায়ং শিৱ মন্দিৰ প্ৰাংগণত উদুলি-মুদুলি পৰিৱেশ ।
কোনোৱে যদি পানী তুলিবলৈ ওলাইছে, কোনোৱে আকৌ ঢোল, তাল আৰু শংখ বজাইছে ।পুৱাৰে পৰা পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে মুখৰিত হৈ পৰিছে শিৱ মন্দিৰ প্ৰাংগণ
এক সামূহিক অনুষ্ঠানক কেন্দ্ৰ কৰি ৰজামায়ং শিৱ মন্দিৰৰ চৌহদত আনন্দমুখৰ পৰিৱেশৰে বিৰাজ কৰিছে। বৈদিক ৰীতি-নীতিৰে ৰজামায়ং শিৱ মন্দিৰ প্ৰাংগণত সমূহীয়া বিবাহৰ লগতে আয়োজন কৰা হয় উপনয়নৰ । এই বিশেষ অনুষ্ঠানটোত অঞ্চলটোৰ কেইবাযোৰো দম্পতীৰ বিবাহকাৰ্য সম্পন্ন কৰা হয় ।
উল্লেখ্য যে এই দম্পতীসকলে পূৰ্বতে গন্ধৰ্ব প্ৰথাৰে বিবাহপাশত আবদ্ধ হৈছিল যদিও আৰ্থিক অনাটনৰ বাবে সামাজিক তথা বৈদিক প্ৰথাৰে বিবাহ অনুষ্ঠান সম্পন্ন কৰিব পৰা নাছিল ।ৰজামায়ং নাথ যোগী আঞ্চলিক শাখা সমিতিয়ে এইসকল লোকক একত্ৰিত কৰি সামবেদীয় ৰীতি-নীতিৰে তেওঁলোকৰ আনুষ্ঠানিক বিবাহকাৰ্য সম্পন্ন কৰায় । ইয়াৰ জৰিয়তে পৰিয়ালসমূহক সামাজিক স্বীকৃতি প্ৰদানৰ লগতে এক সুস্থ পৰম্পৰাৰ সূচনা কৰা হৈছে । তদুপৰি আৰ্থিকভাৱে অক্ষম পৰিয়ালসমূহৰ বোজা লাঘব কৰাই হৈছে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য ।
লগতে ২৫জন যুৱকৰো উপনয়ন সম্পন্ন কৰা হয় । এই একেই মাংগলিক অনুষ্ঠানত নাথ যোগী জনগোষ্ঠীৰ ২৫জন যুৱকৰ উপনয়ন সম্পন্ন কৰে সম্পূৰ্ণ বৈদিক প্ৰথাৰে ।