অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে সুখবৰ।
অৰুণোদয় হিতাধিকাৰীলৈ পূজাৰ উপহাৰ ৰাজ্য চৰকাৰৰ।
এইবাৰ ১২৫০ টকাতকৈ অধিক পাব অৰুণোদয়ৰ ধন।
অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ ধন বৃদ্ধি কৰিছে চৰকাৰে।
এইবাৰ ১২৫০ টকাৰ সলনি হিতাধিকাৰীসকলে লাভ কৰিব ১৫০০ টকাকৈ। আঢ়ৈশ টকা বেছিকৈ লাভ কৰিব হিতাধিকাৰীসকলে।
পূজাৰ উপহাৰ হিচাপে অৰুণোদয় হিতাধিকাৰীসকললৈ এই ধন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।
কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।