Share and Enjoy !

Shares

গুৱাহাটীৰ সাতগাঁও থানাৰ অন্তৰ্গত সোনাই মিকিৰ পথ পথত বিধ্বংসী অগ্নিকাণ্ড।

সোনাই মিকিৰ পথৰ প্ৰবীণ ৰংপীৰ ভাড়াঘৰত অগ্নিকাণ্ড।অগ্নিকাণ্ডত ভস্মীভূত ৬ টাকৈ ভাড়াঘৰ।

অগ্নিকাণ্ডত দুটাকৈ গেছ ছিলিণ্ডাৰ বিস্ফোৰণ হয় যাৰ ফলত অগ্নিকাণ্ডই ভয়ংকৰ ধাৰণ কৰে।

ঘটনাস্থলীত সাতগাওঁ থানাৰ আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই।

এঘণ্টা পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয়।

শ্বট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *