শিৱসাগৰ চহৰৰ মাজমজিয়া দৰবাৰ ৰোড ৱাৰ্ড নং ৩ এই ভয়ংকৰ চুৰিকাণ্ড।
চোৰৰ দলে লুটি লৈ গ’ল লক্ষাধিক পৰিমাণৰ সোণৰ গহণা আৰু বৃহৎ পৰিমাণৰ নগদ ধন৷
ঘৰত মানুহ নথকা সুযোগ লৈ সংঘটিত কৰে এই চুৰিকাণ্ড।
জানিব পৰা মতে, ঘৰৰ মানুহ বিয়া খাবলৈ গৈছিল সন্ধিয়া ভাগত ।।সেইসময়তে শিৱসাগৰ দৰবাৰ ৰোডৰ নিৰ্বাসী আব্দুল কেৰিম আৰু আব্দুল ৰেকিবৰ ঘৰত সংঘটিত কৰে চুৰিকাণ্ড।
শিৱসাগৰ সদৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগতেই সংঘটিত হৈছে এই ভয়ংকৰ চুৰিকাণ্ড ৷
ঘৰৰ ছাদ কাটি ভিতৰত প্ৰৱেশ কৰি আব্দুল ৰেকিবৰ হাৰ্ডৱেৰ দোকানৰ বাবে থকা নগদ প্ৰায় ৪/৫ লাখ টকা লুটি লৈ যায়।
বহু পৰিমাণৰ আ অলংকাৰ লগতে নগদ ধন লৈ যায় চোৰকেইটাই।।
জানিব পৰা মতে, পূৰ্বেও সংঘটিত হৈছিলচুৰি কাণ্ড৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।