Share and Enjoy !

Shares

যোৰহাটৰ ৰৰৈয়াৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু।

প্রাণ গ’ল স্কোৱাড্রন লিডাৰ প্রশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ,ছাৰ্জেণ্ট জিতেন্দ্র শৰ্মা আৰু আন দুজন অগ্নিবীৰবায়ু জোৱান ক্ৰমে খেমাৰাম কুমাৱাট, দানিছ আলম।

গুৰুতৰভাৱে আহত ফ্লাইট লেফটেনেণ্ট মনোজ। দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ভাৰতীয় বায়ু সেনাৰ।
উল্লখ্য যে,যোৰহাটৰ ৰৰৈয়া ভাৰতীয় বায়ুসেনা বাহিনীৰ ঘাটিত দুৰ্ঘটনাত পতিত হৈছে এই বিমানখন।অৱতৰণৰ পিছতেই বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমানখন।বিস্ফোৰিত বিমানখন ৪৩ স্কোৱাড্ৰনৰ আছিল বুলি জানিব পৰা গৈছে। সামগ্ৰী পৰিবহণত ব্যৱহাৰ হৈছিল AN-32 বিমানখন।

Leave a Reply

Your email address will not be published. Required fields are marked *