Share and Enjoy !

Shares

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান।

এখন গেলামাল দোকানত তালাচী আৰক্ষীৰ । অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক দুজনলোকক।। লগতে জব্দ এয়া এয়াৰগান, দুটা মোবাইল ফোন আৰু নগদ ধন।আটকাধীন দুজন ক্ৰমে- ফাতেজুল হুছেইন আৰু শ্বাহিন খান বুলি জানিব পৰা গৈছে।

নিশা ধুবুৰীৰ ছাগল চৰাৰ তৃতীয় খণ্ড ফাৰহান গ্রোছাৰী দোকান আৰু দোকানীৰ ঘৰতে ধুবুৰী আৰক্ষীৰ অভিযানত বৃহৎ সংখ্যক নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ধুবুৰীৰ কলেজ নগৰ আৰু ধুবুৰী সদৰ থানাৰ টাউন পৰিদৰ্শক বিষয়াৰ নেতৃত্বত চলে এই আৰক্ষীৰ অভিযান। আৰক্ষীয়ে আটকাধীন দুজনক থানা তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইফালে, ড্ৰাগছ ব্যৱসায়ী দুজনৰ বিৰুদ্ধে আৰক্ষীক সাক্ষী প্ৰদান কৰি বিপদত পৰিছে উক্ত অঞ্চলৰ এজন গাওঁৰক্ষী বাহিনীৰ কৰ্মী।

তালেব আলী নামৰ গাওঁৰক্ষী বাহিনীৰ কৰ্মীক আক্ৰমণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ড্ৰাগছ ব্যৱসায়ী এজনৰ ভাতৃ ফিৰদুছ নামৰ এজন যুৱকৰ বিৰুদ্ধে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী তালেব আলীয়ে ধুবুৰী বজাৰ নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *