দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি অহা নাহৰফুটুকী অৱশেষত পিঞ্জৰাবদ্ধ!
যোৰহাটৰ বাঘধৰা খৰিয়াচুক গাঁৱত দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি অহা নাহৰফুটুকী বাঘটোক অৱশেষত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হ’ল বন বিভাগে। আজি বন বিভাগৰ নিৰন্তৰ প্ৰচেষ্টা আৰু তৎপৰতাৰ অন্তত পিঞ্জৰাত আৱদ্ধ হয় আতংকৰ কাৰণ হৈ পৰা নাহৰফুটুকীটো।
নাহৰফুটুকীটোৰ বিচৰণক লৈ দীৰ্ঘদিন ধৰি শংকিত হৈ আছিল অঞ্চলটোৰ ৰাইজ। অৱশেষত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে।
বাঘধৰা খৰিয়াচুক গাঁৱত নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চৰ্চা