Share and Enjoy !

Shares

মাজুলীত প্ৰাক্তন আলফা নেতা জীতেন দত্ত।

জিতেন দত্তৰ নেতৃত্বত এটি সঁ‌জাতি দলে মাজুলীৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকক সৌজন্যমূলক সাক্ষাৎ ।

মাজুলীৰ কাৰ্গিল চাপৰি প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ নেতৃত্বত সেউজ বিপ্লৱ গঢ়িব মাজুলীত ।

মাজুলীৰ কাৰ্গিল চাপৰিত কৃষিৰ পৰিকল্পনা কাৰ্গিল চাপৰি প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ।

মাজুলীৰ কাৰ্গিল চাপৰিত কৃষিভিত্তিক অৰ্থনীতি গঢ়ি তোলাৰ লক্ষ্যৰে আগবাঢ়িছে আলোচনা পন্থী আলফা নেতা জিতেন দত্ত আৰু মাজুলীৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ বহু লোক ।

আজি মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্র পাঠকক লগ কৰি কৃষি ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বিষয়ে বিস্তৃত আলোচনা কৰে দলটোৱে ।

তেওঁৰ ভাষ্য অনুসৰি, যোৱা বছৰৰ পৰাই কাৰ্গিল চাপৰিত কৃষিকাৰ্যৰ বাবে যুৱকসকলক সহায় কৰি আহিছে জিলা প্ৰশাসনে।

যোৱা বছৰ প্ৰায় ২০০ৰ পৰা ৩০০ বিঘা মাটিত খেতি কৰা হৈছিল যদিও বানপানীৰ ফলত আশানুৰূপ উৎপাদন লাভ কৰিব পৰা নগ’ল।

এইবাৰ প্ৰায় ১,৫০০ বিঘা মাটি ব্যৱহাৰ কৰি কৃষিকাৰ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।

ইয়াৰ ভিতৰত প্ৰায় ৪০০ বিঘা মাটিত মাজুলীত প্ৰথম বাৰৰ বাবে কৰিব পাম অইলৰ খেতি।

ইয়াৰ উপৰি নাৰ্জি ফুলৰ খেতি আৰু এখন ছাগলী পালন কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে প্ৰাক্তন আলফাৰ একাংশই।

কাৰ্গিল চাপৰিক কৃষি, পশুপালনেৰে আত্মনিয়োগৰ এক আৰ্হি হিচাপে গঢ়ি তুলিবলৈ মাজুলী জিলা আয়ুক্তৰ সৈতে আলোচনাত বহে জিতেন দত্ত । এই প্ৰচেষ্টাৰ জৰিয়তে মাজুলীৰ নিবনুৱা যুৱক-যুৱতীসকলক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্য লোৱা হৈছে।

“কেৱল চাকৰিৰ পিছত দৌৰাৰ পৰিৱৰ্তে কৃষিৰ জৰিয়তেও যে আত্মনিৰ্ভৰশীল হ’ব পাৰি, সেই কথা আমি নতুন প্ৰজন্মক দেখুৱাব বিচাৰিছোঁ। সেয়ে কাৰ্গিল চাপৰিক এটা নতুন ৰূপত গঢ়ি তোলাৰ বাবে আমি চেষ্টা কৰিছোঁ।”

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *