কামাখ্যা ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণসহ সৰবৰাহকাৰী।
কামাখ্যা ৰেলৱে ষ্টেচনৰ ১ নম্বৰ প্লেটফ্ৰমত জব্দ হয় সোণখিনি।
সৰ্বমুঠ ১১ টুকুৰাত ৩৩৬ গ্ৰাম সোণ উদ্ধাৰ কামাখ্যাত।
GRP অৰ্থাৎ কামাখ্যা ৰে’লৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া যাদৱ চেতিয়াৰ নেতৃত্বত চলে এই অভিযান।
উক্ত অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ সোণখিনি।
বিহাৰৰ পৰা গুৱাহাটীত বিক্ৰীৰ বাবে আনিছিল সোণখিনি।
প্ৰায় ৫০ লাখ টকা আছিল সোণখিনিৰ মূল্য।
ধৃত সোণ সৰবৰাহকাৰী গৰাকীৰ নাম অশোক প্ৰসাদ।
বিহাৰৰ পাটনাত ঘৰ ধৃত অশোক প্ৰসাদৰ।
বৰ্তমান ৰেলৱে আৰক্ষীৰ জিম্মাত ধৃত সোণ সৰবৰাহকাৰীটো।