মৰিগাঁও জিলাৰ দন্দুৱা অঞ্চলত উত্তপ্ত পৰিস্থিতি।মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৫ খনকৈ গুৰুত্বপূৰ্ণ ৰাজহ গাঁও কৰ্তন কৰি মিকিৰভেটা ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্তৰ পাছতে অঞ্চলটোত উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে, স্থানীয় লোকসকলে এই সিদ্ধান্তক সম্পূৰ্ণ হঠকাৰী আৰু একপ্ৰকাৰ চক্ৰান্ত আখ্যা দি ৰাজপথলৈ ওলাই আহিছে। প্ৰতিবাদকাৰী ৰাইজে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীক এই সমগ্ৰ ঘটনাৰ মূল সূত্ৰধাৰ বুলি অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
শ শত পুৰুষ-মহিলাই ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই পথ অৱৰোধ কৰে আৰু যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ কৰি তোলে। মৰিগাঁও-মৈৰাবাৰী সংযোগী মূল পথত প্ৰতিবাদকাৰীসকলে বিধায়কগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। লগতে স্থানীয় লোকসকলৰ মতে, মৰিগাঁও ৰাজহ চক্ৰৰ পৰা হঠাৎ আঁতৰাই দুৰৱৰ্তী মিকিৰভেটা ৰাজহ চক্ৰত গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ ফলত সাধাৰণ ৰাইজে প্ৰশাসনিক কাম-কাজৰ ক্ষেত্ৰত তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ব।
আনহাতে, ৰাইজে স্পষ্ট কৰি দিয়ে যে যদিহে এই সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰা নহয় আৰু গাঁওসমূহক পুনৰ মৰিগাঁও ৰাজহ চক্ৰতে বাহাল ৰখা নহয়, তেন্তে আগন্তুক দিনত প্ৰতিবাদ আৰু অধিক ভয়াৱহ হৈ পৰিব।