বানক্ৰান্ত ৰাইজলৈ অসম চৰকাৰৰ কেবিনেট বৈঠকে লোৱা সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ অসম মাতৃভূমি দলৰ৷
আজি প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ ৰাজ্যিক সভাপতি ৰাজীব শইকীয়াই কয় যে, সম্প্ৰতি বান পৰিস্থিতিক লৈ অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে বানাক্ৰান্তৰ প্ৰতি মানৱীয় দায়বদ্ধতা প্ৰকাশ কৰাত ব্যৰ্থ হৈছে৷
তেওঁ লগতে কয় যে, বানাক্ৰান্তৰ জৰুৰী প্ৰয়োজনীয়তাৰ বাবে চৰকাৰে যি ১৫ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে সেয়া মুঠেও সন্তোষজনক নহয়৷ দলটোৰ ৰাজ্যিক সভাপতিজনে এই সাহাৰ্যৰ পৰিমাণ প্ৰতিটো পৰিয়ালৰ বাবে ১ লাখ টকালৈ বৃদ্ধি কৰিবলৈ অসম চৰকাৰৰ প্ৰতি দাবী জনাইছে৷ বানাক্ৰান্ত অঞ্চলত অৰুণোদয় আঁচনিৰ ধন মুকলি কৰি দিয়া ক্ষেত্ৰত কেবিনেটে লোৱা সিদ্ধান্ত সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলটোৰ ৰাজ্যিক সভাপতিজনে কয়, যোগ্যতা থকাৰ পিছতো এতিয়ালৈকে সকলো মহিলা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই, গতিকে সকলো মহিলাই অৰুণোদয় লাভ নকৰে, সেয়ে চৰকাৰৰ এই ঘোষণাই বানাক্ৰান্তসকলৰ মাজত বৈষম্য আৰু বিভেদৰ সৃষ্টি কৰিব৷ সেয়ে বানাক্ৰান্ত অঞ্চলত সদ্যহতে অৰুণোদয় আঁচনিৰ সলনি “বিশেষ বানাক্ৰান্ত সাহাৰ্য আঁচনি” ৰূপায়ণ কৰি এই বৈষম্য আৰু বিভেদ দূৰ কৰিবলৈ দাবী জনাইছে ৷
অন্যহাতে অসম মাতৃভূমি দলৰ ৰাজ্যিক সভাপতিজনে কয় যে, বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কোনো অসুবিধা নোপোৱাকৈ নিঃসংকোচে অধ্যয়নৰ সুবিধা পাব লাগিব৷ তাৰ বাবে নিঃখুট, কাৰ্যক্ষম আঁচনি প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে ৷ তেখেতে আৰু অভিযোগ কৰি কয় যে, বানাক্ৰান্তৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাত কেন্দ্ৰীয় চৰকাৰে অযথা বিলম্ব কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্যৰ ধন শীঘ্ৰে মুকলি কৰি দিবলৈ অসম মাতৃভূমি দলে দাবী জনাইছে ৷