Share and Enjoy !

Shares

আজি ঘোষণা হ’ব পাৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন।

বিয়লি ৪বজাত ভাৰতীয় নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল।

নতুন দিল্লীৰ আয়োগৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰিব এই সংবাদমেল।

অসমৰ বিধানসভা নিৰ্বাচনতক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিব এই সংবাদমেলত।

উল্লেখ্য যে, বিহুৰ পূৰ্বেই অসমত নিৰ্বাচন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

অসমৰ লগতে আন ৩ ৰাজ্যৰো নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা। পশ্চিমবংগ, কেৰালা আৰু তামিলনাডুতো আছে নিৰ্বাচন। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীও আগবাঢ়িছে নিৰ্বাচনৰ দিশে।

Leave a Reply

Your email address will not be published. Required fields are marked *