Share and Enjoy !

Shares

গুৱাহাটী, ২২ অক্টোবৰঃ অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। পত্ৰখনত শইকীয়াই শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত কৰিবলৈ অনুৰোধ জনাইছে। তেওঁ কয় যে ২০২৫ চনৰ ৩ অক্টোবৰত জাৰি কৰা এক নিৰ্দেশৰ জৰিয়তে গঠন কৰা এজনীয়া তদন্ত কমিটি আৰু ইয়াৰ পূৰ্বে গঠন কৰা বিশেষ অনুসন্ধান গোট চমুকৈ এছআইটিৰ কামৰ মাজত খেলিমেলিৰ উদ্ভৱ হৈছে। একে ঘটনাৰ তদন্ত দুটা পৃথক সংস্থাই কৰিলে তথ্যৰ পুনৰাবৃত্তি, বিভ্ৰান্তি আৰু তদন্ত প্ৰক্ৰিয়া বিলম্ব হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত কৰিবলৈ অনুৰোধ জনায়। ইফালে, আজি নলবাৰীত কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেবাজনো কেবিনেট মন্ত্ৰীক লগত লৈ শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলটোৰ কৰ্মীসকলক মিটিং বুলি কৈ মাতি আনি হাতে হাতে দলীয় পতাকা তুলি দি প্ৰতিবাদী সমদল উলিওৱা কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী কংগ্ৰেছ দলে। এনে কাৰ্যৰ জৰিয়তে বিজেপিয়ে অসমৰ প্ৰাণৰ শিল্পীগৰাকীক লৈ দেখদেখকৈ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। উক্ত কাৰ্যক বহুৱালিৰ নামান্তৰ আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *