Share and Enjoy !

Shares

ৰৌতা পৰিষদীয় সমষ্টিৰ পাৰিষদ পদৰ পৰা পদত্যাগ চৰণ বড়োৰ।

৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ পৰা বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে চৰণ বড়োই।

বুধবাৰে বিটিচিৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে চৰণ বড়োই।

উল্লেখ্য যে, বি টি চিত বি পি এফ দলৰ চৰকাৰ গঠন কৰিবলৈ আৰু বি পি এফক উদ্ধাৰ কৰিবলৈ ৰৌতা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল চৰণ বড়োই। উপ নিৰ্বাচনত যোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বি পি এফ দলে।

তেওঁ কয় যে, ৰৌতাৰ ৰাইজ চৰকাৰৰ লগত আছে। ২১ বছৰে বি পি এফে ৰাইজৰ হৈ কাম কৰি আছে। বি পি এফৰ লগত ৰাইজ আছে। ওৰাঙত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *