ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত।
বিয়লি ৪.০১ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
ৰাজ্যৰ ইয়াৰ উপকণ্ঠ অঞ্চলসমূহতো অনুভূত হয় জোকাৰণি।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৯।
ভূমিকম্পৰ অভিকেন্দ্ৰ ভূটানত বুলি জানিব পৰা গৈছে।
অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা দক্ষিণ-পশ্চিম দিশত ৭৭ কিলোমিটাৰ নিলগত আৰু ভূপৃষ্ঠৰ ৫ কিলোমিটাৰ গভীৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে।