তিনিচুকীয়াৰ চহৰৰ মাজমজিয়াত ঠানা চাৰালিত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত কেইবাখনো দোকান আৰু বাসগৃহ ক্ষতিগ্ৰস্ত।
ঘটনাস্থলীত থকা কিছুমান গহনাৰ দোকান, এখন চাইকেল দোকান আৰু দুটা বাসগৃহত অগ্নিয়ে ব্যাপক ক্ষতি সাধন কৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দীৰ্ঘসময় ধৰি চেষ্টা চলাই জুই নিৰ্বাপন কৰে।
অগ্নিকাণ্ড কিদৰে সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট নহয়। ঘটনাটোৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।
কোনো লোক প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই, কিন্তু সম্পত্তিৰ যথেষ্ট ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে।।