Share and Enjoy !

Shares

১৯ ছেপ্টেম্বৰ একেই সময়, একেই তাৰিখ, কেৱল চনটো আছিল ২০২৫৷  সকলো ব্যস্ত আছিল নিজ নিজ কাম৷ তাৰ মাজতে টিভিৰ স্ক্ৰীণত ভাহি উঠিছিল তিনিটা শব্দ ‘জুবিন আৰু নাই’৷ ছিংগাপুৰৰ সাগৰত বিলীন হাট্ৰথ্ৰ’ব জুবিন গাৰ্গ৷ এদিন দুদিনকৈ বাগৰি আজি ৩৬৫ দিন পূৰ্ণ হ’ল৷ কিন্তু অসমীয়াৰ বুকুত অলপো কমা নাই জুবিন প্ৰতি থকা ভালপোৱা, মৰম।

কিন্তু আজিও জুবিনময় হৈ আছে সমগ্ৰ অসম। অসমৰ প্ৰতিজন লোকৰে হৃদয়ে হৃদয়ে জীয়াই আছে জুবিন নামৰ সত্ত্বা। তেওঁৰ সৃষ্টি, কণ্ঠ আৰু স্মৃতিৰে জুবিন গাৰ্গ কায়িকভাৱে নাথাকিলেও অসমীয়াৰ হৃদয়ত সদায় জীয়াই থাকিব। অসমবাসীয়ে সদায় বুকুত সামৰি ৰাখিব প্ৰাণৰ শিল্পীগৰাকীক।

জুবিনক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ‘জুবিন দিৱস’। সমগ্ৰ ৰাজ্যৰ পৰা অনুৰাগীসকল আহি ভিৰ কৰিছে সোণাপুৰত। অনুৰাগীৰ দুচকুত আজিও নিগৰিছে অশ্ৰু। কিন্তু অনুৰণিত হৈছে কেৱল জুবিনৰে কালজয়ী গান। জুবিনৰ গীতেৰে মুখৰিত আজি অসম।

১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে ‘জুবিন দিৱস’। দিনে নিশাই জুবিন ক্ষেত্ৰত দেখা গৈছে ভিৰ, তেওঁৰ গানেৰে স্মৰণ কৰিছে যুগদ্ৰষ্টা শিল্পীগৰাকীক। শিশুৰ পৰা বৃদ্ধলৈকে হেঁপাহ পলুৱাই জুবিন ক্ষেত্ৰত চাকি-ধূপ জ্বলাইছে, জুবিনৰ গান গাইছে। জুবিনৰ গীতেৰে মুখৰ কৰি ৰাখিছে সোণাপুৰৰ জুবিনক্ষেত্ৰ।

কেৱল জুবিন ক্ষেত্ৰই নহয়, ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *