চাৰিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব ককৰোচ জনতা পাৰ্টি (CJP)ৰ নেতা আশুতোষ ৰাংকা। অহা ২৫ ছেপ্টেম্বৰত অসমলৈ আহিব আশুতোষ ৰাংকা।
ৰাজ্যত দলটোৰ স্বেচ্ছাসেৱক আৰু দলীয় সদস্যসকলৰ সৈতে সংযোগ স্থাপনৰ উদ্দেশ্যে এই ভ্ৰমণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
আয়োজকসকলে জনোৱা অনুসৰি, চাৰিদিনীয়া কাৰ্যসূচীত ৰাংকাই CJPৰ এক কনক্লেভত অংশগ্ৰহণ কৰাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ স্বেচ্ছাসেৱকসকলৰ সৈতে মত-বিনিময় কৰিব। ভৱিষ্যতে অসমত CJPৰ সংগঠনিক কাম-কাজ আৰু স্বেচ্ছাসেৱকসকলৰ সৈতে অধিক সম্পৰ্ক গঢ়ি তোলাৰ বিষয়েও আলোচনা হ’ব বুলি জানিব পৰা গৈছে।
ইফালে, ইয়াৰ অংশ হিচাপে ২৭ ছেপ্টেম্বৰ, দেওবাৰে গুৱাহাটীত CJP North East Volunteer Meet-Up অনুষ্ঠিত হোৱাৰ কথা। অনুষ্ঠানটোত CJPৰ কেন্দ্ৰীয় সমিতিৰ সদস্যসকলেও অংশগ্ৰহণ কৰিব। অৱশ্যে বৰ্তমানলৈ অনুষ্ঠানস্থলী, সম্পূৰ্ণ কাৰ্যসূচী আৰু সংবাদ মাধ্যমৰ সৈতে মত-বিনিময়ৰ সময়সূচী আয়োজকসকলে প্ৰকাশ কৰা নাই। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত অধিক তথ্য জনোৱা হ’ব বুলি সদৰী কৰিছে আয়োজক সকলে।