জামুগুৰিহাটত বিশ্বকৰ্মা পূজাৰ দিনটোতেই সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা৷ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চাইকেলৰে গৃহলৈ বুলি উভতি যোৱাৰ পথতেই বাইকৰ খুন্দাত নিহত চন্দন সুত্ৰধাৰ নামৰ লোকজন।
নিহত চন্দন সুত্ৰধাৰ গোপালপুৰৰ বাসিন্দা।বুলি জানিব পৰা গৈছে।
মৃত চন্দন সুত্ৰধাৰ কৃষ্ণ জুয়েলাৰীৰ স্বত্বাধিকাৰী আছিল৷ পত্নী আৰু এটি ডেৰ বছৰীয়া কন্যা সন্তানক এৰি যোৱা চন্দন সুত্ৰধাৰৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে অঞ্চলবাসী ৷